You can access the distribution details by navigating to My Print Books(POD) > Distribution

Add a Review

ৰকবী (Assamese translation of RockBee)

অভিযান্ত্ৰিক শিক্ষাত ৰ'বটিক্স প্ৰতিযোগিতাৰ জৰিয়তে জ্ঞানভিত্তিক শিক্ষা
Prof. Manish Chauhan, Prof. Subir Saha, Prof. Achinta Kumar Sarmah (translator)
Type: Print Book
Genre: Science & Technology
Language: Assamese
Price: ₹365 + shipping
Price: ₹365 + shipping
Dispatched in 5-7 business days.
Shipping Time Extra

Description

কাৰিকৰী বিষয়ক কোনো এক গ্ৰন্থৰ অনুবাদৰ আমাৰ এইয়াই প্ৰথম প্ৰয়াস। এই সুবিধা দিয়াৰ বাবে কিতাপখনৰ লেখক দ্বয় শ্ৰী মনীষ চৌহান আৰু অধ্যাপক সুবীৰ কুমাৰ সাহালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছো। ইয়াৰ লগতে মোৰ শিক্ষা গুৰু তথা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অধ্যাপক স্যামন্ত মণি হাজৰিকাই মোক অধ্যাপক সুবীৰ কুমাৰ সাহাৰ সৈতে পৰিচয় কৰোৱাই দিয়াৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অনুবাদৰ বিভিন্ন শৈলী আছে। আমি এই গ্ৰন্থখন অনুবাদ কৰোতে যথাসম্ভৱ শাব্দিক (Literal) আৰু অৰ্থগত (Semantic) অনুবাদ শৈলীৰ অৱলম্বন কৰিছো। যেতিয়াই কেতিয়াবা গ্ৰন্থখনত ব্যৱহাৰ হোৱা কিছুমান প্ৰযুক্তিগত শব্দ আৰু বাক্যাংশৰ অসমীয়া ভাষাত সঠিক সমতুল্য উপলব্ধ হোৱা নাছিল, তেতিয়া সেই শব্দসমূহৰ অৰ্থ আৰু প্ৰসংগৰ ভিত্তিত ব্যাখ্যামূলকভাৱে অসমীয়া ভাষালৈ ৰূপান্তৰ কৰা হৈছে।
অনুবাদক, অচিন্ত কুমাৰ শৰ্মা

About the Authors

মনীষ চৌহানে ২০২১ চনৰ পৰা য়োৰ্ক বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত চিকিৎসা অভিযান্ত্ৰিকতাৰ প্ৰৱক্তা হিচাপে কৰ্ম্মৰত হৈ আছে। গৱেষণাৰ ক্ষেত্ৰখনত তেও ছফ্ট ৰবটিক্স, বায়োফ’টনিক্স, বায়ো-ইমেজিং, নতুন ধৰণৰ সামগ্ৰী আদিৰ প্ৰতি বিশেষ ভাবে আগ্ৰহী। ইয়াৰ আগতে, তেওঁ লিডছ বিশ্ববিদ্যালয়ত এগৰাকী মাৰি কিউৰি গৱেষক ছাত্ৰ হিচাপে কাম কৰিছিল, য’ত তেওঁ যন্ত্ৰমানৱ অভিযন্ত্ৰনা আৰু প্ৰায়োগৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত ২০১৭ পৰা ২০২১ চন পৰ্য্যন্ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ড° মনীষ চৌহানে ইটালীৰ ইনস্টিটুট’ ইটালিয়ানো দি টেকন’লজিয়া-ৰ পৰা বায়োএঞ্জিনিয়াৰিং ৰবটিক্সত পিএইচডি সম্পূৰ্ণ কৰিছিল (২০১৪-১৭)। তেওঁ এজন IIT দিল্লীৰ প্ৰাক্তন ছাত্ৰ (২০০৮-১০), য’ৰ পৰা তেওঁ মেকানিকেল ইকুইপমেন্ট ডিজাইনত প্ৰযুক্তিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
সুবীৰ কুমাৰ সাহা IIT দিল্লীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ এজন অধ্যাপক আৰু বৰ্তমান I-Hub Foundation for Cobotics (IHFC) নামৰ IIT দিল্লীৰ এক অলাভজনক সংস্থাৰ প্ৰকল্প পৰিচালক। উক্ত সংস্থাটিয়ে যি IIT দিল্লীৰ প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ হিচাপে কাম কৰিছিল। তেওঁ ২০০২-২০১৫ চনলৈকে IIT দিল্লীৰ ৰবটিক্স ক্লাৱৰ উপদেষ্টা আছিল। তেওঁ ১৯৮৩ চনত এন আই টি দুৰ্গাপুৰৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক, ১৯৮৫ চনত IIT খড়গপুৰৰ পৰা প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ আৰু ১৯৯১ চনত মেকগিল বিশ্ববিদ্যালয়ৰ (কানাডা) পৰা পিএইচডি লাভ কৰিছিল। পিএইচডিৰ পিছত, অধ্যাপক সাহাই ১৯৯১-৯৫ চনলৈকে জাপানৰ ট’চিবা নিগমৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰত সেৱা আগবঢ়াইছিল। তাৰ পাছত ১৯৯৬ চনৰ পৰা তেওঁ IIT দিল্লীত কৰ্ম্মৰত হৈ আছে। এজন শিক্ষক হিচাপে, অধ্যাপক সাহাই সদায় ছাত্র-ছাত্ৰীৰ কৈশোৰ মনক অধ্যয়নলৈ উৎসাহিত কৰিব বিছাৰে। সেইবাবে তেওঁ ছাত্রছাত্রীসমূহক ৰব’কন প্ৰতিযোগিতাত অংশ ল’বলৈ উৎসাহিত কৰে, যাৰ ফলত IIT দিল্লীত ৰবটিক্স ক্লাৱৰ গঠন আৰু এই কিতাপখনৰ অংকুৰণ হৈছিল । অধ্যাপক সাহাই মেকগ্ৰ’হিলৰ “ৰবটিক্সৰ পৰিচয়” নামৰ পাঠ্যপুথি আৰু স্প্ৰিংগাৰৰ সৈতে মাল্টিবডি চিষ্টেমৰ গতিবিদ্যা সম্পৰ্কীয় বহু কেইখন বিশেষ কিতাপ লিখিছে।

Book Details

ISBN: 9789334500318
Publisher: Achinta Kumar Sarmah
Number of Pages: 205
Dimensions: 5.5"x8.5"
Interior Pages: B&W
Binding: Paperback (Perfect Binding)
Availability: In Stock (Print on Demand)

Ratings & Reviews

ৰকবী (Assamese translation of RockBee)

ৰকবী (Assamese translation of RockBee)

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book ৰকবী (Assamese translation of RockBee).

Other Books in Science & Technology

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.