You can access the distribution details by navigating to My Print Books(POD) > Distribution

Add a Review

Emuthi Sagar

Anubhuti Mur Hridoy Spondonor
Tanupriya Kalita
Type: Print Book
Genre: Poetry
Language: Assamese
Price: ₹131 + shipping

Also Available As

Also Available As
Price: ₹131 + shipping
Dispatched in 5-7 business days.
Shipping Time Extra

Description

এমুঠি-সাগৰ কিতাপখন মোৰ জীৱনৰ অনুভূতি আৰু আৱেগক সাহিত্য আকাৰে সমাজৰ সন্মুখত দাঙি ধৰাৰ এক বিনম্ৰ প্ৰচেষ্টা মাথোঁ। বহু বছৰ ধৰি মই ছেগা-চোৰোকাকৈ কবিতা লিখোঁ যেতিয়া অনুভূতি মোৰ হৃদয় স্পন্দন ৰ পৰা ওলাই শব্দৰ আকাৰ লয়। সময়ৰ চক্ৰত মই বহুতো কবিতা হেৰাইছো যদিও,অন্তৰৰ আৱেগৰ পৰা কিছু অনুভৱ গোটাই "এমুঠি-সাগৰ" ৰ সংকলন হিচাপে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ত উৎপন্ন হোৱা ভাৱনাবোৰ মুখেৰে যেতিয়া প্ৰকাশ কৰিব নোৱাৰা হৈ পৰে তেতিয়া সেইবোৰে মনৰ সাগৰত ঢৌ তুলিবলৈ আৰম্ভ কৰে আৰু আলফুলে পাৰ ভাঙে মনৰ নিজান কোঠালিত। তেতিয়াই হৃদয়ৰ কোনোবা এক নিভৃত কোণত গুপুতে সৃষ্টি হয় ভাৱনাৰ খলকনি আৰু জন্ম হয় কবিতাৰ লানি। "এমুঠি -সাগৰ" ৰ প্ৰতিটো কবিতাই মোৰ অন্তৰৰ অনুভূতি আৰু অনুভৱ যাক শব্দৰ দ্বাৰা সজাবলৈ চেষ্টা কৰা হৈছে। "এমুঠি -সাগৰ" কবিতা সংকলন খনত গতানুগতিক জীৱনৰ ভাল -বেয়া, আশা-নিৰাশা, হেঁপাহ, আকাংক্ষা, খং-অভিমান, প্ৰেম-ভালপোৱা, হাঁহি -ধেমালি আদি ভাববোৰৰ সমাহাৰৰ লগতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দৰ্শনৰ দিশৰ প্ৰতিফলন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মোৰ সামান্য অভিজ্ঞতাৰ ভিত্তিত জীৱন নামৰ স্ৰোতস্বিনী নদীৰ পৰা এতিয়ালৈকে যিখিনি আহৰণ তথা আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ তাৰেই এটি ক্ষুদ্ৰ সৃষ্টিৰাজি প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ মোৰ কবিতাবোৰে পাঠকৰ জীৱনলৈ প্ৰাসংগিকতা অনাৰ লগতে হৃদয় স্পৰ্শ কৰিব। সদৌটি শেষত, সশ্ৰদ্ধ পাঠকবৃন্দ সকলক সন্মানেৰে প্ৰণিপাত জনালোঁ। কিতাপখন সম্পাদনা কৰি উলিয়াবলৈ যিখিনি সুহৃদ বন্ধুৱে মোক সহায় কৰিলে তেওঁলোকলৈ সবিনয়ে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পুথি খনত ৰৈ যোৱা ভুল-ত্ৰুটি সমূহ আঙুলিয়াই দিয়াৰ লগতে নতুন সৃষ্টিৰ বাবে প্ৰেৰণা তথা উদ্গনি জগাব বুলি আশা ৰাখিলোঁ।

About the Author

তনুপ্ৰিয়া কলিতা (জন্ম ১৯৮৮) এগৰাকী অসমীয়া সুকন্ঠী গায়িকা তথা কবি, যিয়ে উত্তৰ - পূৱ ভাৰতৰ অসম ৰাজ্যত জন্মগ্ৰহণ কৰে । পিতৃ শ্ৰীযুত সুভাষ কলিতা আৰু মাতৃ শ্ৰীমতী মমতা চৌধুৰী ৰ তেখেত একমাত্ৰ কন্যা। ৰাজনীতি বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে তেখেত এগৰাকী প্ৰতিভাসম্পন্ন সুকন্ঠী গায়িকা তথা ভাটখান্ডে সংগীত "বিশাৰদ" আৰু "কলাবিদ" উপাধিপ্ৰাপ্ত । তেখেতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱ ৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোগ্যতা অৰ্জন কৰিছে। তেখেতে নিজে কন্ঠদান কৰা গীত "উৰি যাবলৈ মন যায় " বিভিন্ন বহিঃৰাষ্ট্ৰৰ (আমেৰিকা, লন্ডন, জাপান, ৰুছিয়া) ৰেডিও চেনেল যোগেদি সম্প্ৰচাৰিত হৈছে। ব্ৰিটিছ মিউজিচিয়ান স্টিভ বেনহাম এ তেখেতৰ কন্ঠক ভূয়সী প্ৰশংসা কৰিছে। ২০২১ চনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতা ডিজুকি অ্যাওয়ার্ড নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোগ্যতা অৰ্জন কৰাৰ লগতে মনোনীত হৈছে। তেখেত এগৰাকী সুন্দৰ কবিও। কাব্যিক জগততো তেখেতে কিছু অৱদান আগবঢ়াইছে। অসমীয়া বাতৰি কাকত "অসমীয়া প্ৰতিদিন" , "সম্ভাৰ" তথা আলোচনী আদিত তেখেতৰ কবিতা প্ৰকাশ পাইছে। এমুঠি সাগৰ তেখেতৰ কবিতা সমূহৰ অনন্য সংকলন। এমুঠি সাগৰ তেওঁৰ প্ৰথমখন কবিতা সংকলন পুথি য'ত কবিতাৰ মাধ্যমেৰে মনঃস্তাত্বিক দিশৰ প্ৰকাশ ঘটিছে।

Book Details

ISBN: 9781684872305
Publisher: Notion Press, Chennai
Number of Pages: 80
Dimensions: 5"x8"
Interior Pages: B&W
Binding: Paperback (Perfect Binding)
Availability: In Stock (Print on Demand)

Ratings & Reviews

Emuthi Sagar

Emuthi Sagar

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book Emuthi Sagar.

Other Books in Poetry

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.